জীৱনটো জীয়াই থকাৰ দুটা উপায়



জীৱনটো জীয়াই থকাৰ দুটা উপায় আছে, প্ৰথমটো হ’ল আপোনাৰ ভাল লগাখিনি পোৱা আৰু দ্বিতীয়টো হ’ল আপুনি যি পাইছে তাক ভাল পাবলৈ শিকা,আপোনাক অপমান কৰা জনক ইমান সন্মানেৰে উত্তৰ দিয়ক যে আনজনে লাজ অনুভৱ কৰে। যেতিয়ালৈকে আপুনি আপোনাৰ অসুবিধা আৰু সমস্যাৰ বাবে আনক দোষাৰোপ কৰি থাকিব,তেতিয়ালৈকে আপুনি জীৱনত আগুৱাই যাব নোৱাৰিব ।আপোনাক দুখন  কাণ আৰু এখন মুখ দিয়া হৈছে, বেছিকৈ হুনক কমকৈ কবলৈ শিকক।বহুবাৰ ক্ষমা কৰক কিন্তু এবাৰহে বিশ্বাস কৰক, জীৱনত কেতিয়াও কাকো ইমান গুৰুত্ব নিদিব যে তেওঁ আপোনাৰ মুখৰ পৰা হাঁহিটো আঁতৰাই নিব, আপোনাৰ জীৱনৰ সমস্যাবোৰ কেতিয়াও কাৰো লগত শ্বেয়াৰ নকৰিব।, একোৱেই স্থায়ী নহয়, নিজকে বেছি মানসিক চাপ নিদিব কাৰণ আজি যিমানেই বেয়া নহওক কিয়, কাইলৈও ভাল হব সময় সলনি হয় আপুনি আপোনাৰ কৰ্ম কৰক ।

জুইশলাটোৱে আনক জ্বলোৱাৰ আগতে নিজে জ্বলি যায়। এইদৰে আমাৰ খং এটা জুইশলাৰ দৰে, যিয়ে আনক ধ্বংস কৰাৰ আগতে জুইশলাৰ দৰে নিজকে ধ্বংস কৰে। যিজনে আনৰ অধিকাৰ আৰু সুখ কাঢ়ি লৈ যায়, তেওঁৰ সুখৰ জীৱনটো অতি চুটি, গতিকে আনক   প্ৰতাৰণা কৰাৰ আগত ভাবিব কাৰণ কাৰোবাৰ বাবে আপুনিও নগণ্য।



প্ৰেম বিনামূলীয়া হ’লেও এই পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল আনন্দ।  কিছুমান গভীৰ সম্পৰ্ক দুৰ্বল মানুহৰ লগত থাকে যিয়ে খেলনাৰ দৰে আস্থা ভাঙি পেলায় ।মানুহ এজন মানুহ তেতিয়াহে যেতিয়া তেওঁ নিজৰ বাবে কম আৰু আনৰ বাবে বেছিকৈ জীয়াই থাকে। আপোনি জীৱনত  উজুটি খোৱা মুহূৰ্তটোক তুচ্ছজ্ঞান নকৰিব, বৰঞ্চ সেই মুহূৰ্তটোক মূল্য দিয়ক কাৰণ ই আপোনাক কেনেকৈ জীয়াই থাকিব লাগে শিকাইছে। সেইবোৰ আপোনাৰ সফলতাৰ এটা অংশ । এয়াই হৈছে জীৱনৰ সত্য। আমি সকলোকে সকলো সময়তে সুখী কৰি ৰাখিব নোৱাৰো। কেতিয়াবা কোনোবা বিচ্ছেদ হ’ব, কোনোবাই দূৰত্ব সৃষ্টি কৰিবলৈ চেষ্টা কৰিব, কোনোবাই কিবা উদ্দেশ্য লৈ আপোনাৰ ওচৰলৈ আহিব আৰু সময় যিমানেই কঠিন নহওক কিয় আপোনাৰ কাষত থিয় দিব হাজাৰ হাজাৰৰ ভিতৰত এজন বা দুজনহে ।ভালবোৰ চাওক বেয়া বোৰ পাহৰি যাওঁক । মানুহৰ প্ৰয়োজন নোহোৱাকৈ যত্ন লোৱাটো এটা ভাল ব্যক্তিত্বৰ লক্ষণ। সদায় ভগৱানৰ ওপৰত আস্থা ৰাখক। কাৰণ এই সমগ্ৰ পৃথিৱীত ঈশ্বৰৰ দৰে সোনকালে কোনেও সন্তুষ্ট নহয়।

কেতিয়াবা আপুনি অনুভৱ কৰে যে মানুহে আপোনাৰ পিঠিৰ পিছফালে কথা পাতিছে, তেতিয়া আতংকিত নহ’ব কাৰণ মানুহে  সেই সকলৰ কথা হে পাতে যাৰ কথা কোৱাৰ যোগ্য কিবা এটা আছে , মনত ৰাখিব সফলতা কেতিয়াও বিচাৰি পোৱা নাযায়,তাৰ বাবে সঠিক কৰ্ম কৰিব লাগিব  । দিবলৈ আৰম্ভ কৰিব, বস্তুবোৰো নিজাববীয়াকৈ আহিবলৈ আৰম্ভ কৰিব, ইগোত ডুব যোৱা এজন ব্যক্তিয়ে নিজৰ ভুল আৰু আনৰ ভালটো দেখা নাপায়, জীৱনত যিমানেই দিবলৈ চেষ্টা কৰিব সিমানেই বেছি পাব।

মনত ৰাখিব, অপমানৰ প্ৰতিশোধ যুঁজি নহয়, আনজনতকৈ অধিক সফল হ’লেই ল’ব পাৰি।

Post a Comment

0 Comments