Reality Of Facebook Monetization

                                               Reality Of Facebook Monetization 



প্ৰতিমাহে_ফেচবুকৰ_পৰা_৫০,০০০/ কেনেকৈ #উপাৰ্জন কৰিব পাৰি জানো আহক৷ প্ৰতিটো লাইন মন দি পঢ়িব যদি সঁচাই পইচা ঘটিব বিছাৰে -


ফেচবুক আইডি এটা professional mode on কৰাৰ লগে লগে ডিজিটেল মুড লৈ পৰিবৰ্তন হয় । মানে আপোনাৰ আইডিটো পেইজলৈ ৰূপান্তৰ হয় । যেতিয়া page লৈ কনভাৰ্ট হ'ব তেতিয়া ফেচবুকে আপোনাক কিছুমান Task দিব ।সেইবোৰ আপুনি পূৰণ কৰিব লাগিব । 


Task বোৰ এনেধৰণৰ হ'ব -

২০ জন নতুন ফলোৱাৰ বনোৱা,

২৫ টা কমেন্ট লিপ্লাই কৰা,

ফেচবুক আইডিৰ ইনচাইট ভিজিট কৰা,

৭ টা পাবলিক ৰিল এৰা,


আৰু বহুতো আছে  মই উল্লেখ কৰা নাই । এইবোৰ কৰাৰ পিছত আপোনাক 3 level পাৰ কৰা বুলি দেখুৱাব আৰু আপোনাৰ প্ৰফাইল Earning ৰ বাবে উপযুক্ত হৈছে বুলি দেখুৱাব । 

তাৰ পিছত আহিব সপ্তাহিক চেলেঞ্জ ।

মানে প্ৰতি সপ্তাহত আপোনাক এনেদৰে চেলেঞ্জ দি যাব আৰু আপুনি সেইবোৰ পূৰণ কৰি যাব লাগিব ।পূৰণ কৰিলে আপোনাক এটা এটাকৈ achievements পোৱা বুলি দেখুৱাব । আৰু যদি পূৰণ কৰিব নোৱাৰে আপুনি যিমান ষ্টেপ আগলৈ গৈছিল তাৰ পৰা এটা ষ্টেপ নমাই দিব।  আপুনি যদি পুণৰবাৰ সেই চেলেঞ্জ সম্পূৰ্ণ কৰিব নোৱাৰে আকৌ এটা ষ্টেপ নমাই দিব । এইখিনি লৈকে ঠিকেই আছিল কিন্তু ইয়াৰ পিছতে আহিব টুইষ্ট - আপোনাৰ Page টো Meta Verified কৰিবলৈ দিব, প্ৰথম ১৪ দিন বিনামূলীয়া হ'ব  তাৰ পিছৰ পৰা প্ৰতি মাহে ৬০০ টকা আপুনি ফেচবুকক দিব লাগিব ।Meta Verified কৰিলে আপোনাৰ প্ৰফাইলৰ ওচৰত এটা নীলা ৰঙৰ ✔️ আহিব, যিয়ে আপোনাক  ভি.আই. পি. যেন ফিলিংচ এটা দিব।


ইয়াৰ মাজতে আকৌ আপোনাক ষ্টাৰ গোটাবলৈ ক'ব । প্ৰথমে আপোনাক ১ টা ষ্টাৰ লবলৈ ক'ব 

তাৰ পিছত ১০০ ষ্টাৰ লবলৈ ক'ব । ইণ্টাৰেষ্টিং কথাটো হ'ল ষ্টাৰসমূহ  আপোনাক ফেচবুকে নিদিয়ে তাৰ বাবে আপোনাৰ বন্ধু-বান্ধৱীয়ে ষ্টাৰ কিনি আপোনক দিব লাগিব । 

যেতিয়া আপুনি Phone pay, Google pay বা আন UPI ব্যৱহাৰ কৰি ষ্টাৰ কিনিব সেই পইচাৰ বেছি অংশ ফেচবুকে পাব। এটা ষ্টাৰ প্ৰথমতে ১ টকা দেখুৱাব পিছত ২ টকা, ৩ টকা, ৪ টকা এনেদৰে বাঢ়ি গৈ থাকিব । ২ টকাকৈ এটা ষ্টাৰ কিনাৰ পিছত যাক আপুনি দিব তেওঁ তাৰ পৰা মাত্ৰ ০.৫ পইচাহে পাব , বাকী ১ টকা ৯৫ পইচা ফেচবুকে ল'ব । আমোদজনক কথাটো হ'ল আপুনি আকৌ সেই ষ্টাৰৰ মাধ্যমেৰে লাভ কৰা পইচাকেইটা ২৫ ডলাৰ হ'লেহে উঠাব পাৰিব ।কিছুমান আইডিত আকৌ ১০০ ডলাৰ হ'লেহে পইচা উঠাব পাৰিব।

কোনোবা ব্যক্তিয়ে আপোনাক ষ্টাৰ দিছে মানে তেৱোঁ  আপোনাৰ পৰা ষ্টাৰ পোৱাৰ আশা কৰিছে । নহ'লে ১বাৰ বা ২বাৰ ষ্টাৰ দিয়াৰ পিছত আৰু আপোনাক ষ্টাৰ নিদিয়ে। ইয়াৰ মাজতে আকৌ ষ্টাৰ খুজিব নোৱাৰা পলিচি লগাই দিয়াৰ কথা আছেই, সেই ব্যক্তিজনৰ আইডিত যিয়ে ষ্টাৰ খুজিব তেওঁৰো প্ৰবলেম হ'ব। এতিয়া মূল কথাটো হল যিকেইজন ব্যক্তিয়ে আপোনালৈ ষ্টাৰ পঠাইছিল আপোনাৰো মন যাব সিহঁতক ষ্টাৰ পঠিয়াবলৈ কাৰণ, তেওঁলোকে আপোনাক সহায় কৰিলে এতিয়া আপোনাৰ পাল। এইটো কৰিবলৈ যাওঁতে আপুনিও ষ্টাৰ কিনি ফেচবুকক  পইচা দিব লাগিব। এনেদৰে ফেচবুকে আপোনাৰ পৰা আৰু আপোনাৰ বন্ধু দুয়োজনৰ পৰা টকা আদায় কৰিলে । গতিকে ভাৱকচোন ফেচবুকে আপোনাক পইছা দিছেনে ? নে আপুনি ফেচবুকক দিছে !!


ইয়াৰ পিছত Subscription বুলি এটা monitization tool দিব । যিটোৰ অৰ্থ কোনোবাই আপোনাক subscribe কৰিব লাগিব আৰু যিয়ে কৰে তাৰ আইডিৰ পৰা মাহে ৮৯ টকাকৈ কাটিব ফেছবুকে । তাৰে ৫০% হে আপুনি পাব বাকী অংশ ফেচবুকে ল'ব আৰু এই প্ৰক্ৰিয়াটো  অট' ৰিনুৱেল হ'ব অৰ্থাৎ প্ৰতি মাহে মাহে Subscriber জনৰ পৰা পইচা কাটি  থাকিব । এতিয়া কথা হ'ল  কোনোবাই আপোনাক ৮৯ টকা মাহে মাহে কিয় দিব ! আকৌ সেই task পূৰ কৰিব নোৱাৰিলে আপোনাক এটা ষ্টেপ তললৈ নমাই দিব ।


ইয়াৰ পিছত ফেচবুকে আপোনাক Ads on reels ত Monetizationৰ সুবিধা দিব । তাৰ বাবে অতি কমেও ৫০০০ followers লাগিব আৰু ৬০ হাজাৰ ভিউচ লাগিব মানে আপোনাৰ ভিডিঅ'ত ৬০০০০ হাজাৰ মিনিট সময় খৰচ হ'ব লাগিব । তেতিয়াহে আপুনি Ads on reels ৰ Monetization toolৰ পৰা views অনুসৰি পইচা পাব । 

৬০০০০ মিনিট পাবলৈ আপোনাৰ reel ভাইৰেল হ'ব লাগিব ।  ভাইৰেল কৰিবলৈ ফেচবুকে আপোনাক sponsored option (Promote post বা Boost a post) দিব । এইটোৰ অৰ্থ এয়ে যে ফেচবুকে আপোনাৰ ৰিল ১০০০ৰ পৰা ২৫০০ নতুন মানুহৰ তাত পঠাব তাৰ বাবে ফেচবুকক আপুনি সদায় ৮২ টকা দিব লাগিব। যিমানে মানুহ বেছি বিচাৰিব সিমানে টকা বেছিকৈ দিব লাগিব। আমি কিছুমান এনেকুৱা ফটো বা ৰিল পাও সেইবোৰ পষ্ট কৰা মানুহনজ আমাৰ ফেন্ড লিষ্টত নাই বা আমি তেওঁৰ ফলোৱাৰ নহয় কিন্ত সেইবোৰত চাব লাইক কমেন্ট বহুত বেছি আছে । তাত sponsored বুলি লিখা আছে । সেইবোৰ পষ্ট তেওলোকে ফেচবুকক টকা দি ভাইৰেল কৰিছে। 

এতিয়া কওকচোন  টকা আপোনি পাইছে নে ফেচবুকক দিছে !


Ads on reels ৰ জৰিয়তে আপুনি কিমান আয় কৰিব জানেনে ?

 ১০০০ মানুহে আপোনাৰ ভিডিঅ চালে  মাত্ৰ ১ চেন্ট দিয়ে । এতিয়া আপুনি ভাবিব ১ চেন্ট মানে কি ? 

 ১ পইচা, ২ পইচাৰ দৰেই চেন্ট । ভাৰতত যেনেকৈ পইচা লগ লাগি টকা হয়, ঠিক তেনেদৰে চেন্ট লগ লাগি ডলাৰ হয় । 

 

এতিয়া আহিছোঁ সময়ৰ কথালৈ  আপোনাৰ ঘৰত  জন্মদিন আছে , উৎসৱ আছে, বিয়া আছে , কৰবাত যাব লগা আছে , বাচন ধোৱলৈ আছে ,কাপোৰ ধোৱলৈ  আছে , ভাত ৰান্ধিবলৈ আছে, অফিচ যাবলৈ আছে ...আৰু বিভিন্ন কাম কৰিবলৈ আছে সেইবোৰ কৰিলে নহ'ব কাৰণ আপোনাৰ সপ্তাহিক চেলেঞ্জ সম্পূৰ্ণ হ'ব লাগিব আৰু পূৰ্ণ কৰিবলৈ ফেচবুকক সময় দিব লাগিব। 

     ইয়াৰ পিছতে ফেচবুকে আপোনাক দিব content monitization option  কিন্তু  কিমান সময়ৰ ভিতৰত দিব তাৰ  গেৰান্টি নাই । 


এইখিনিতেই সমাপ্ত নহয়, ইয়াৰ মাজতে আছে কপিৰাইট । কাৰোবাৰ ফটো ভিডিঅ' দিব নোৱাৰিব । ফটো দি গান লগাব নোৱাৰিব,

নিজৰ ফটো দি গান লগাব নোৱাৰিব, হাজাৰটা গান আছে তাৰ ভিতৰত আমি নাজানো কোনটোত কপিৰাইট আছে কোনটোত নাই। এটা reels ত কপিৰাইট লাগিলেই You are not eligible for Monetization.


 মুঠতে ফেচবুকত পইচা উপাৰ্জন কৰাতো এতিয়া ব্লু হোৱেল (Blue Whale) গেইমচ খেলাৰ নিছিনা হৈ আছে । এতিয়া সিদ্ধান্ত আপোনাৰ ফেচবুকৰ কথামতে আপুনি বান্দৰৰ দৰে নাচিবলৈ সাজু হয়নে নহয় !

Post a Comment

0 Comments