চীনে পাচ পেলালে আমেৰিকাক

চীনে পাচ পেলালে আমেৰিকাক 

                                                বিশ্ব গুৰুৰ আসনত ডিপসিক 

আৰ্টিফিচিয়েল ইন্টেলিজেন্ট জগতৰ এক মহা গুৰু ৰূপে হঠাত আৰ্বিভাৱ হ'ল চীনৰ DEEPSEEK R-1 নামৰ এক নতুন AI Model. যি আহিয়েই এনিশাৰ ভিতৰত জোকাৰি পেলালে ৩০ ত্ৰিলিয়ন অৰ্থনীতিৰ দেশ আমেৰিকাক। চীন দেশৰ মাত্ৰ চল্লিশ বছৰীয়া চফল প্ৰযুক্তিবিদ লিয়াং ৱেনফেং ( Liang wenfeng) এ মাত্ৰ দুবছৰ পূৰ্বে এটি প্ৰতিষ্ঠান খুলি পৰিচয় দিয়েই ধুপুচ কৈ পেলাই দিলে AI জগত শাসন কৰি থকা আমেৰিকাৰ NVIDIA, INTEL, CHAT GPT, AMAZON আদি কোম্পানীৰ অৰ্থনীতি। চীনৰ তেনেই এক ক্ষুদ্ৰ কোম্পানীৰ এটা মাত্ৰ সৃষ্টিতে এনিশাৰ ভিতৰত NVIDIA কোম্পানীৰ ক্ষতি হ'ল ৬০০ বিলিয়ন ডলাৰ ! মন কৰিব আমাৰ ভাৰতৰ অন্যতম ধনাধ্য ব্যক্তি মুকেশ আম্বানীৰ মুঠ ব্যৱসায় প্ৰায় ২০০ বিলিয়ন ডলাৰ হে !! গতিকে চীনে বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নয়নৰে আমেৰিকাক কি এক প্ৰহাৰ কৰিলে নিশ্চয় অনুমান কৰিব পাৰিব। ডোনাল্ড ট্ৰাম্পে যি অহংকাৰৰে চীনলৈ আৰ্টিফিচিয়েল এ, আই, ছিপ পঠোৱাত চেংচন লগাইছিল  তাৰ উত্তৰ চীনে বছৰৰ প্ৰথম মাহটোতে দি দিলে। এতিয়া চীন পৃথিবীৰ সকলো ক্ষেত্ৰতে বিশ্ব গুৰুৰ দৌৰৰ বহুত আগত। গ্ৰীন এনাৰ্জী, প্ৰদূষণ নিয়ন্ত্ৰণত বৃক্ষৰ প্ৰাচীৰ ওৰফে গোভী মৰুভূমিত Green wall, ৰি-ইউজেৱল ৰকেট, কৃত্ৰিম উপগ্ৰহ, মহাকাশ কেন্দ্ৰ স্থাপন, ষষ্ঠ প্ৰজন্মৰ ফাইটাৰ ক্ৰাফ্ট, ষ্টাৰ লিংকত কৈ অধিক শক্তিশালী জিনিন কনচেটেলেচনৰে যোগাযোগ ব্যৱস্থা, ব্যৱসায় , কৃত্ৰিম চন্দ্ৰ-সূৰ্য্য, এট'মিক চাৱমেৰিন, ৰেয়াৰ আৰ্থ এলিমেন্টচ, ডেঠ ৰে আদি সকলো ক্ষেত্ৰতে চীনৰ দৌৰ এতিয়া অ-প্ৰতিৰোধ্য। এটা বছৰতে চীনে ৰপ্তানি কৰে ভাৰতৰ মুঠ অৰ্থনীতিৰ সমান অৰ্থাৎ ৩•২৬ ত্ৰিলিয়ন ডলাৰ। চীন আজি ২০ ত্ৰিলিয়ন ডলাৰৰে বিশ্বৰ দ্বিতীয় বৃহৎ অৰ্থনীতি। 
বিজ্ঞান আৰু প্ৰযুক্তিতৰ এটা তথ্য আগ বঢ়ালো, মন কৰিব। বুলেট ট্ৰেইন চলোৱাৰ আঁচনি লোৱা হৈছিল আমাৰ দেশত ২০১৭ চনত।  জানিব পৰা মতে ইয়াৰ ৫০০ কিলোমিটাৰৰ ট্ৰেক বহুৱাবলৈকে ভাৰতৰ সময় লাগিব ১৬ বছৰ। অৰ্থাৎ ২০৩৩ চনত হে সম্পূৰ্ণ হ'ব। অৱশ্যে ট্ৰেক হে হ'ব, ট্ৰেইন যে চলিব আশা নাই। কাৰণ ভাৰতৰ দ্বাৰা এয়া সম্ভৱ নহ'বও পাৰে। সেয়েহে ৰে'ল মন্ত্ৰীৰ ঘোষণা বুলেট ট্ৰেইন নহ'লেও আমি তাত বন্দে ভাৰত ৰে'ল চলাম ! বুলেট ট্ৰেইনৰ ট্ৰেক হ'ল ষ্টেণ্ডাৰ্ড ট্ৰেক। যিটো ১•৪৩ মিটাৰ বহল আনহাতে ভাৰতৰ ৰে'ল ট্ৰেক হ'ল ব্ৰডগ'জ ট্ৰেক । যিটো ১•৬০ মিটাৰ। ৰে'ল মন্ত্ৰীয়ে কেনেকৈ তাৰ ওপৰেদি বন্দে ভাৰত ৰে'ল চলাব সেইটোহে সাথৰ !!
মন কৰিবলগীয়া কথা যে যি বুলেট ট্ৰেইনৰ ট্ৰেক বহুৱাবলৈ ভাৰতক ১৬ বছৰৰো অধিক কাল লাগিব সেই সময়ৰ ভিতৰতে কিন্তু চীন চৰকাৰে ১৬ বছৰৰ ভিতৰত ৪৭ হাজাৰ কিলোমিটাৰ ট্ৰেকত আজি বুলেট ট্ৰেইন চলাই আছে। 
NVIDIA কোম্পানী বিশ্বৰ একমাত্ৰ কোম্পানী যাৰ ব্যৱসায় ৩•৬ ত্ৰিলিয়ন ডলাৰ । ই এই বৰ্ষত ৪ ৰ পৰা ৫ ত্ৰিলিয়ণ ডলাৰ চুব গৈ বুলি অৰ্থনীতি বীদ সকলে অনুমান কৰে। AMAZON ও এনে এটা লাভ জনক ব্যৱসায়িক প্ৰতিষ্ঠান যি ৩ ত্ৰিলিয়ন ডলাৰ আয় কৰি আগ বাঢ়ি আহিছে। অনুমান কৰা হৈছে যে এমাজনে এনৱিদিয়াকো পিচ পেলাব পাৰে। তেনেকৈ চীনৰ হুৱা কোম্পানীও তিনি ত্ৰিনিয়ন ডলাৰৰে আগুৱাই আহি আছে। এতিয়া হঠাতে ভুমুকি মৰা চীনৰ DEEPSEEK R1 এ সকলো ওলট পালট কৰি দিলত হয়তো চীনৰ অৰ্থনীতি আমেৰিকাৰ ৩০ ত্ৰিলিয়ন ডলাৰৰ ওচৰ চাপিব। মন কৰিব লগীয়া যে ভাৰতৰ অৰ্থনীতি মাত্ৰ ৩•২৬ ত্ৰিলিয়ন ডলাৰ য'ত আমেৰিকা আৰু চীন আদি দেশৰ একো একোটা কোম্পানীৰ ব্যৱসায়েই তাতকৈ আগ বঢ়া ! ( উৎস : Dinesh K. Vohra ৰ Budget 2025) এনেবোৰ কথা দেশ বাসীক জনাই এক কৰ্ম বিপ্লৱৰ বীজ সুমুৱাই দিয়াৰ চেষ্টা কৰাৰ সলনি আমাৰ  এচাম ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যমে আমাক যদি বিশ্ব গুৰু হবলৈ আগ বঢ়া দেশ বুলি কয় তেনে ইয়াক ভণ্ডামী নুবুলি কি বুলি চিহ্নিত কৰিব ?  কুম্ভ মেলা, ৰাম লীলা, আম্বুবাচি আদি কথা বতৰা বোৰকে যদি প্ৰচাৰ মাধ্যমে অগ্ৰাধিকাৰ দি থাকে তেনে বিজ্ঞান প্ৰযুক্তিৰ প্ৰতি আমাৰ আশক্তি হ'ব কেনেকৈ  ? দুখ লগা কথা যে আজি আঠটা বছৰে M. TECH শিক্ষাৰ দৰে প্ৰতিষ্ঠানত  শিক্ষাৰ্থীৰ সংখ্যা ক্ৰমে কমি কমি আহি ২০২৪ ত ১২৫ টা চিটত মাত্ৰ ৪৫ জন ছাত্ৰহে আছে। ( উৎস : RedMike ৰ IIT, IIM )  আমাৰ শিক্ষিত ছাত্ৰ-ছাত্ৰী বিদেশলৈ ঢাপলি মেলিছে,  তাতে কাম কৰিছে।  কাৰণ আমাৰ ইয়াত উচ্চ প্ৰযুক্তিৰ গৱেষণাৰ বাবে ( R&D) পুঁজিৰ আবন্তনেই দুখ লগা ।  সেয়েহে উচ্চ শিক্ষাৰে শিক্ষিত সকলে দেশ এৰিছে। ফলত আমি কুম্ভ মেলাত ডুৱকি লগোৱাৰ দৰে  আমাৰ টকাৰ মূল্যয়ো  ডুৱকি লগালে। টকাৰ মূল্য হ'লগৈ প্ৰতি ডলাৰত  ৮৬•৬০ টকা। 
এইবাৰ বাজেটত আপুনি মন কৰা উচিত হ'ব আমাৰ শিক্ষা , স্বাস্থ্য আৰু প্ৰযুক্তিত কিমান টকা ধাৰ্য্য কৰা হৈছে ?  IIT, IIM, NIT M.TECH আদিত কি হৈছে ? এইবোৰ কথা আমাৰ প্ৰজন্মৰ বাবে চিন্তা কৰা উচিত। নহ'লে পাঁচ হাজাৰ বছৰ আগেয়ে আমাৰ পুস্পক বিমান আছিল, গণেশৰ প্লাষ্টিক চাৰ্জাৰী হৈছিল, ৰামে শ' যোজন সেতু নিৰ্মাণ কৰিছিল জাতীয় কথাতে সীমাবদ্ধ থাকিব নালাগিব নে ? যি বোৰ কথা আকৌ আমি কোনো প্ৰত্নতাত্ত্বিক তথ্যৰে প্ৰমাণো কৰিব নোৱাৰোঁ ! অথচ আমাতকৈ দুবছৰ পাছত স্বাধীনতা পোৱা চীনে আজি বিজ্ঞান প্ৰযুক্তিৰে  শিক্ষা, স্বাস্থ্য আৰু কৃষি ক্ষেত্ৰত আমেৰিকাকো চেৰ পেলাবলৈ সক্ষম হৈছে। আমেৰিকাই হুমকি দিয়ে মানে চীনে চীনৰ ৰঙ দেখুৱায়ে দিলে। চীনে আজি বিশ্বৰ অন্যতম প্ৰয়োজনীয় খনিজ পদাৰ্থৰ ৭০% অকলেই উৎপাদন কৰে। গতিকে চীনক সমিহ কৰিবলৈ যেন সকলো আজি বাধ্য । তাতে ডিপসিক আৰ ওৱানে যেন আজি কৈয়ে দিলে বিশ্বগুৰু কোন ।
                                                    Credit: শান্তনু বৰুৱা
                                  -০-

Post a Comment

0 Comments