জীৱনৰ বিষয়ে কঠিন সত্য

 জীৱনৰ বিষয়ে কঠিন সত্য



  •  সকলোৱে আঘাত পায়।  কোনো ধৰণৰ সংগ্ৰাম অবিহনে কোনেও  এই জীৱনটো  পাৰ নকৰে । গতিকে সংগ্ৰামৰ জৰিয়তে নিজক আগুৱাই নিয়ক ।


  •  কোনেও গুৰুত্ব নিদিয়ে!  আপুনি বিচৰা জীৱনটো সৃষ্টি কৰক বা নকৰক, কোনেও গুৰুত্ব  নিদিয়ে।  আপোনাৰ বাবে যি কৰিব লাগে সেয়া আপুনিই কৰিব লাগিব।


  • নিজকে ভাল পাব লাগিব, আৰু  আনৰ কথাত গুৰুত্ব নিদিব আৰু আবদ্ধ হৈ নাথাকিব, আপোনাৰ পৰিস্থিতি সলনি কৰিবলৈ আপোনাৰ বাবে কাম কৰা উপায় বিচাৰি উলিয়াওক বা ভাল পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰক।


  •  সকলোৰে বয়স হয় কিন্তু সকলোৰে পৰিপক্ক নহয়।


  •  আমাৰ কিছুমান ডাঙৰ পাঠ আৰু শ্ৰেষ্ঠ শিক্ষক হ'ল

 ১) ব্যৰ্থতা

২) বিশ্বাসঘাটকতা


  •  আমি নিজৰ ভাল যত্ন ল’বলৈ চেষ্টা নকৰোঁ যিমান পাৰে নিজক মূল্য দিবলৈ যত্ন কৰক । (আমাৰ স্বাস্থ্যৰ যত্ন নোলোৱা, অধিক ধন সঞ্চয় নকৰা, আপোনজনক অৱহেলা কৰা..ইত্যাদি কাম নকৰিব )


  •   আপুনি আপোনাৰ জীৱনৰ বাবে যি বিচাৰে তাকে সৃষ্টি কৰিবলৈ কাম কৰক তেতিয়াহে তাক পোৱাৰ সম্ভাৱনা আছে।


 


  নতুন বছৰত নিজক সলনি কৰিবলৈ আপুনি কৰিব পৰা কেইটামান কাম :-


 ১) আপোনাৰ সুখ  আপুনি নিজেই  সৃষ্টি কৰক  আনৰ ওপৰত নিজৰ সকলো সপি নিদিব । 


 ২) নিজৰ ওপৰত বিনিয়োগ কৰক  কাৰো কোনো কথাত আপুনি আক্ষেপ নকৰিব ।


 ৩)  এটা প্লেনৰ সলনি বেকআপ প্লেন থাকিব লাগে যাতে ফেইল হলেও ৰাস্তা থাকে ।


 ৪) অকলে থাকিবলৈ শিকক  নিজক ভাল পাওক।


 ৫) কঠোৰ পৰিশ্ৰম কৰক । মনত ৰাখিব  ই আপোনাক এদিন হাহিবলৈ শিকাব ।


 ৬) আপুনি যিজন সেইজনক ভাল পাওক আৰু আত্মবিশ্বাসী হওক ।


 ৭) নিজৰ হৈ মাত মাতিব শিকক ।


 ৮)বিফলতা জীৱনৰ এটা অংশ গতিকে ইয়াৰ পৰা শিকিব ৰৈ নিদিব ।


 ৯) আপুনি ভবাতকৈ আপোনাৰ  কম বন্ধু  আছে   মনত ৰাখিব ।


 ১০) সকলো সাফল্যৰ বাবে কৃতজ্ঞ হওক ।


 ১১) নিজৰ কৰ্মৰ দায়িত্ব  নিজেই লওক ।


 ১২) মৌনতা শক্তিশালী গতিকে ইয়াক সুন্দৰকৈ ব্যৱহাৰ কৰক।


 ১৩) কথা কোৱাৰ আগতে চিন্তা কৰক ।


 ১৪) আপোনাৰ ওপৰত বিনিয়োগ কৰা লোকৰ ওপৰত বিনিয়োগ কৰক।


 ১৫) সকলো কথা ঘোষণা কৰাৰ প্ৰয়োজন নাই কিছুমান কথা নিজৰ মাজতে ৰাখক।


 ১৬) আপোনাৰ ব্যক্তিগত স্থান গুৰুত্বপূৰ্ণ এই স্থান হেৰাবলৈ নিদিব ।


 ১৭)  আত্মবিশ্বাস বহাবলৈ যত্ন কৰক ।


 ১৮) নিজৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰক & সেইবোৰৰ ওপৰত কাম কৰক ।


 ১৯) অপৰাধবোধ নকৰাকৈ না ক'বলৈ শিকক । ই আগুৱাই যোৱাত সহায় কৰিব ।


 ২০) মনোনিৱেশ কৰি থাকিবলৈ সহায় কৰিবলৈ এজন গুৰু বিবেচনা কৰক ।

Post a Comment

0 Comments