কঁকালৰ বিষৰ পৰা পৰিত্ৰাণ পোৱা ঘৰুৱা উপায়

কঁকালৰ বিষৰ পৰা পৰিত্ৰাণ পোৱা ঘৰুৱা উপায়

আপোনাৰ বাৰু মাজে মাজে কঁকালৰ  বিষ হয় নেকি যদি হয় আজি আপোনাক মই কেইটামান ঘৰুৱা উপায় কম যি কেইটা জৰিয়তে কঁকালৰ বিষ নিৰাময় কৰিব পাৰি -

১/ আদা-


         আদা এটা বা দুটা সৰু সৰু টুকুৰা গৰম পানীত তিয়াই থওক।  তাৰ পিছত তাত মৌ দি সেৱন কৰক।  দৈনিক দুবাৰকৈ সেৱন কৰিব লাগে।  আদাৰ তেলেৰেও পিঠিৰ মালিচ কৰিব পাৰে।

২/ তুলসী পাত-



 চাৰি-পাঁচটা তুলসীৰ পাত গৰম পানীত ১০ মিনিট তিয়াই থওক।  তাৰ পিছত তাত মৌ দি সেৱন কৰক।  আপুনি দৈনিক দুবাৰকৈ সেৱন কৰিব পাৰে ।  তুলসী তেলেৰেও মালিচ কৰিব পাৰে।এনে কৰিলেও বিষ নিৰাময় হয়।

৩/কোলা নিমখ

পানীৰ বাল্টি এটাত একাপ বা দুকাপ কোলা নিমখ মিহলাই সেই পানীৰে গা ধুব।  এই পদ্ধতি আপুনি সপ্তাহত দুবাৰৰ পৰা তিনিবাৰকৈ কৰিব পাৰে।

৪/ বৰফৰ পেক



        দিনটোত এবাৰ বা দুবাৰ পিঠিৰ বিষত বৰফৰ পেক লগাব লাগে।  প্ৰায় ১৫ৰ পৰা ২০ মিনিট এনেদৰে কৰক।

৫/হালধি-

 এগিলাচ গৰম গাখীৰত আধা বা এচামুচ হালধি মিহলাই এই মিশ্ৰণ সেৱন কৰক।  এই মিশ্ৰণটো দৈনিক দুবাৰকৈ খাব পাৰে।


 ৬/গৰম পানীৰে গা ধুব


 দিনটোত এবাৰ কুহুমীয়া পানীৰে গা ধুব লাগে আৰু ভাল বিষ নিৰাময়কাৰী বাম ব্যৱহাৰ কৰিব লাগে।

      ঘৰুৱা ভাৱে আপুনি এইকেইটা কাম কৰি চাব পাৰে ।



Post a Comment

0 Comments